Assamese song of Loknath Goswami / Lyrics by Hiren Bhattacharji / Music by Utpal Sarma / Lyrics of the song :
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন
চকুৱে চকুৱে চাবপৰা হ'লে
দেখিলোঁহেতেন বেলিৰ মুখৰ ৰং
তোমাৰ সিৰৰ সেন্দুৰকণ ।
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন ।।
পুৱতি নিয়ৰে ফুলালে শেৱালি
দূবৰিৰ দলিচাত থলেহি দাপোনখন
আহিন আহি বজালে বাঁহী
ভৰিল শেৱালি বন ।
পাহিলৈ কি চাবা পাবলি পাবলি
হাঁহিটি ৰজনজনাই ।
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন ।।
মোক তোল মোক তোল শেৱালিৰ গোন্ধ
আহিনৰ স'তে আহিল আকৌ দেখোন
মোক তোল মোক তোল শেৱালিৰ গোন্ধ
আহিনৰ স'তে আহিল আকৌ দেখোন
চকুৱে চকুৱে পৰা হ'লে চাব
দেখিলোহেঁতেন কেঁচা সোণ যেন
তোমাৰ শিৰৰ সেন্দুৰ কণ ।
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন
চকুৱে চকুৱে চাবপৰা হ'লে
দেখিলোঁহেতেন বেলিৰ মুখৰ ৰং
তোমাৰ সিৰৰ সেন্দুৰকণ ।
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন ।
আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন ।।
***********
কথা : হীৰেণ ভট্টাচাৰ্য্য
কণ্ঠ : লোকনাথ গোস্বামী
সংগীত : উৎপল শৰ্মা
Негізгі бет Aamolmol Xewalir Gondh ( আমোলমোল শেৱালিৰ গোন্ধ) - by Loknath Goswami
Пікірлер: 41