Assamese song (Joyti-Sangeet) of Bhupen Hazarika / Lyrics and Melody by Joyti Prasad Agarwalla / Lyrics of the song :
[ চিত্ৰলেখাই সূদুৰ গুজৰাটৰ পৰা অনিৰুদ্ধক শোণিতপুৰলৈ মায়াৱী যাদুৰে পলুৱাই আনিছে, ঊষাৰ বাবে | ইফালে ঊষা পিতৄ বাণৰজা আৰু অনিৰুদ্ধৰ পিতামহ শ্ৰীকৄষ্ণৰ তয়াময়া ৰণ |এই গীতটি অসমীয়া ঠাঁচত লিখি জ্যোতিয়ে জেউতি বঢ়াইছে নাটখনিৰ- আমাৰে সখীয়া ]
গীত :
আমাৰে সখীয়াই আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ' সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদী আনিলে
মতলীয়া সখী খাই
অ' মতলীয়া সখী খাই
আমাৰে সখীয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ' সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদী আনিলে
মতলীয়া সখী খাই
অ' মতলীয়া সখী খাই ।
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই
ফাগুণৰ বতাহে গাতে ছাটি মাৰে,
গাতে ছাটি মাৰি যায়
অ' গাতে ছাটি মাৰি যায়।
আমাৰে সখীয়াই আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ' সপোনৰ হাঁহিটি চাই ।
চুমাৰ পৰশনত জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
চুমাৰ পৰশনত জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
চুমাৰ পৰশনত যুতি পাই সখীয়াৰ,
চুমাৰ পৰশনত যুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
অ' গাতে উৱাদিহে নাই
আমাৰে সখীয়াই আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ' সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদী আনিলে
মতলীয়া সখী খাই
অ' মতলীয়া সখী খাই।
আমাৰে সখীয়াই আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ' সপোনৰ হাঁহিটি চাই ৷৷
🌿 🌼 🌿
Негізгі бет Amare Xokhiyai ( আমাৰে সখীয়াই) - by Bhupen Hazarika.
Пікірлер: 32