অনুৰাগ হৈ
বাঢ়ি অহা প্ৰত্যাশাৰ
তুমিয়েতো ঠিকনা
জুৰিটিৰ দৰে
গভীৰতা পালাগৈ
নিৰবধি বোৱানা
নাজানোঁ অভিনয়
শিঁহৰিত আজি মই
সাৰথি আজীৱন তুমি হোৱানা
কঁপি উঠা ওঁঠতে মোৰ,
কি তুমি ৰাগ সানিলা।
অনুভৱী হিয়াতে মোৰ নামা হৈ বাৰিষা।
নিশাহৰে উষ্ণতাবোৰ
সামৰিছোঁ বুকুতে মোৰ
উথলি উঠিছে চোৱানা ভালপোৱা।
ৰ'দালিৰে ৰং
জিলিকোৱা আজি মোক
ঢালি দিয়া বাসনা।
আকলুৱা মোক
নিহালিযে তুমি হৈ
সাৱটিনো লোৱানা
নাজানোঁ অভিনয়
শিঁহৰিত ময়ো হয়
সাৰথি আজীৱন তুমি হোৱানা
কঁপি উঠা ওঁঠতে মোৰ,
কি তুমি ৰাগ সানিলা।
অনুভবী হিয়াতে মোৰ নামা হৈ বাৰিষা।
নিশাহৰে উষ্ণতাবোৰ
সামৰিছোঁ বুকুতে মোৰ
উথলি উঠিছে চোৱানা ভালপোৱা।
Негізгі бет Bhal Puwa | ভাল পোৱা | Mrik Feat. Will Henderson | No Binary Records
Пікірлер: 4