মোৰ গীতৰ হেজাৰ শ্ৰোতা!
তোমাক নমস্কাৰ !
গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।
প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼ
প্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই কান্দিবলেʼ
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচোঁ
ব্যক্তিসমূহৰ হৈ সুৰৰ শৰাই যাচোঁ
(সেয়ে) গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ ।।
ভুল যদি হয় সৃষ্টিত মোৰ ,
তুমি হোৱা চিন্তিত
সমালোচনাৰ অগনিৰে পুৰি
মোকো কৰা উন্নত ।
শৈশৱতে এখন দুখন গীতৰ সভাত গাই
মন উজাৰ কৰোতেই বুকুত দিলা ঠাই ।
তোমাৰ বুকুৰ তপত উমৰ উদগনি পাই
জীৱনৰে দুপৰীয়াও আছো গীত গাই।
গীতৰ সভাত আছিলোঁ মই তোমাৰেই আৱিষ্কাৰ ।
গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।
Негізгі бет Bhupen Hazarika MOR GEETOR HEZAR মোৰ গীতৰ হেজাৰ শ্রোতা তোমাক নমস্কাৰ Rerecoded
No video
Пікірлер: 63