#বিজ্ঞানসন্মত_গাহৰি_পালনৰ_প্ৰশিক্ষণ_ডিব্ৰুগড়
"বিজ্ঞানসন্মত গাহৰি পালনৰ" ওপৰত "theory আৰু প্ৰেক্টিকেল" আবাসীক প্ৰশিক্ষণ কাৰ্যসূচী-
☎️ ফোনৰ নাম্বাৰ-8473874235
প্ৰশিক্ষণৰ নিয়মাৱলী-
◆ প্ৰতি দলত 10 জনকৈ প্ৰশিক্ষাৰ্থী লোৱা হ'ব
◆ পুৰুষ-মহিলা উভয়ে প্ৰশিক্ষণত ভাগ লব পাৰিব
◆প্ৰশিক্ষণ - 2 দিনীয়া ( থকা -খোৱা সুবিধা অন্তৰ্ভুক্ত)
◆জৈৱ সুৰক্ষাৰ বাবে ফাৰ্মৰ ভিতৰত সোমাবলৈ ধোৱা-কাপোৰ এযোৰ আনিব
◆ আগতীয়া বুকিং মাচুল- 1500 টকা ( আগতে বুকিং কৰিলে আগতে পাব)
◆ সৰ্বমুঠ মাচুল- 3000 টকা (বুকিং মাচুল+ 1500 টকা =3000)
◆ নিকটতম ৰেল ষ্টেচন-
নাহৰকটীয়া( 12 মিনিট)
দুলীয়াজান (25মিনিট)
ডিব্ৰুগড়( 1 ঘণ্টা)
◆ নাহৰকটীয়ালৈ সকলো প্ৰধান ঠাইৰ পৰা বাছসেৱা আছে।
◆নিকটতম বিমানবন্দৰ- মোহনবাৰী, ডিব্ৰুগড়
ফাৰ্মত অতি প্ৰয়োজনীয় 4 layer biosecurity protocol কেইটা-
■গেটত SODIUM hypochlorite spray আৰু পটাছ ফুট bath
■ফাৰ্মৰ সন্মুখত airborne বীজাণু ৰখাবলৈ কলগছ আৰু লিচু জাতীয় জোপোহা গছৰ লাইন
■পটাছৰ Shower ৰুম আৰু 30 মিনিট ফেনাইলত ধুৱা কাপোৰ
■আকৌ sodium hypochlorite spray এণ্ড পটাছ bath
বিজ্ঞানসন্মত গাহৰি পালনৰ অতি গুৰুত্বপূৰ্ণ আৰ্হি--
আৰ্হিত -
■ খাচী গাহৰি - ৬ তা
■ চেউৰী - দুজনী
■ পাঠা - ১তা
এই আৰ্হিটোত 6 মাহৰ মূৰে-মূৰে 6 তা কৈ মাংসৰ গাহৰি বিক্ৰী আৰু দুজনী চেউৰীৰৰ পৰা বছৰত 2 বাৰকৈ পোৱালি ল'ব পাৰিব।
এনে বিজ্ঞানসন্মত আৰ্হি বনালে এফালৰ পৰা মাংসৰ গাহৰি বিক্ৰী উপাৰ্জন কৰিব, আৰু আনফালে নিজৰ বাবে পোৱালি উৎপাদন ও কৰি থাকিব পাৰিব।
চাৰি বেৰখন অতি কমেও 4 ফুট বা 6 ইটা উঠাই এটা লিনতাৰ ঢালি দিব।
গৰালটোৰ দীঘল ফাল সদায় পূবে-পশ্চিমে কৰিব যাতে দিনটো ৰদৰ তাপত মজিয়াখন শুকান হৈ থাকে যিয়েনেকি বীজাণু সংক্ৰমণ ৰুধ কৰে আৰু বৰষুণ-বতাহ আহিলে আওলাখনে ৰখাই দিয়ে।
জোখবোৰ বিজ্ঞানসন্মতভাৱে নবনালে ঠাইৰ অপচয় হ'ব। 1 বিঘা মাটিত 700 তা গাহৰি পুহিব পৰা যায়|
গাহৰিৰ প্ৰসৱৰ সময়ৰ নিয়ম -
সকলো পোৱালি বচাব পৰাটোৱে এজন গাহৰি পালকৰ গৌৰৱ।
গাহৰি পালন এক কলা। ইয়াক অতিকৈ বিজ্ঞানসন্মতভাৱে কৰিব পাৰিলে ভাল। বিজ্ঞানৰ সৎ ব্যৱহাৰ কৰক। কেতিয়াও ভয় নাখাব।
■ প্ৰসৱৰ 5 দিন আগৰ পৰা পোৱালি দিয়ালৈকে দানাৰ পৰিমাণ 1kg মান বঢ়াই দিব। এইটোক আমি Flushing পদ্ধতি বুলি কওঁ
■ পোৱালি দিয়া দিনাৰপৰা 3 দিনলৈকে দানাৰ পৰিমাণ কমাই দি তাৰ পাছত প্ৰতি পোৱালিৰ হিচাবত মাকৰ দানা 200 গ্ৰামকৈ বঢ়াই দিব
■ পোৱালি দিয়াৰ মুহূৰ্তত মাকজনীৰ পেটটো সৰু হৈ যোৱাৰ ফলত , মাকজনী খুব stress ত আহে, যাৰ বাবে আমি fiber ৰ পৰিমাণ বঢ়াব লগীয়া হয়। Fiber আমাৰ কুমলীয়া ঘাঁহত পোৱা যায়। ঘাঁহ নাপালে চাপৰ মিলাই দিব দানাত
■ পোৱালি খিনিক ছবিত দেখাৰ দৰে এটা বাকচ বনাই দিব পাৰিলে ভাল, যাতে মাকে গছকি মাৰি নেপেলাই। এই বাকচটোক আমি "ক্ৰিপ বক্স" বুলি কওঁ। এই বাকচটোৰ তাপমান 27-30 ℃ হ'ব লাগে
■ গাহৰিয়ে 114 দিনৰ গৰ্ভধাৰণ ধৰে, কিন্তু কেতিয়াবা দুদিন আগতীয়াকৈ বা 5 দিন মান পিছটিয়াকৈও পোৱালি দিব পাৰে। ভয় নাখাব
■ মাকজনীৰ প্ৰসৱৰ সময়ত গাৰ তাপমান বাঢ়ি যায় যাৰ ফলত জ্বৰ হোৱা দেখা যায়। সেই সময়খিনিত দৰৱ মৰাতকৈ, চুটলি ৰচীৰ বস্তা এটা ঠাণ্ডা পানীত চেপি, গাত লেপি দিব 3 ঘণ্টাৰ বাবে।
গাহৰি জ্বৰ বা Swine Fever -
আমাৰ গাহৰি উদ্যোগটোৰ আটাইতকৈ মাৰাত্মক ৰোগ তো হ'ল Swine Fever / Hog cholera ।
এই ৰোগটোৰ কোনো প্ৰতিকাৰ নাই, প্ৰতিষেধক(Vaccine) হে আছে।
লক্ষণবোৰ-
◆ গুহৰ দ্বাৰত তাপমান 107°F
◆পাইখানা আৰু বমিয়ে দেখা দিব
◆ পাছৰ ভৰিকেইটাত আংশিক paralysis
◆খাদ্য খাবলৈ এৰি দিব
◆ 12-16 দিনৰ ভিতৰত গাহৰিতো মৰি থাকিব
এই বেমাৰটোৰ ভেকচিন মৰাৰ নিয়ম-
◆যিকোনো ভেকচিন মৰাৰ আগতে পেলু দৰৱ খোৱাই ল'ব পাৰিলে ভাল
◆ মাকৰ পৰা অতৰুৱা পোৱালীক মাৰিব পাৰিব।
◆গাভিনি আৰু বেমাৰী গাহৰিক মাৰিব নোৱাৰে
◆সদায় ঠাণ্ডা সময়ত মাৰিব। যেনেকৈ মই এই ৰাতিখন মাৰিছোঁ
◆ভেকচিনটো 4℃ ৰ ওপৰলৈ যাব নিদিব
★ভেকচিনৰ বাবে নিকটতম পশুপালন বিভাগক যোগাযোগ কৰক।
গাহৰি পোৱালি পৰিবহণৰ নিয়ম-
■ পোৱালি উঠোৱাৰ আগত, সদায় গাড়ীখনত বীজাণুনাখক স্প্ৰে মাৰিব লাগে
** স্প্রে মিশ্ৰণ( 16 লিটাৰ পানীত 1 মুখনি ক'লা ফেনাইল, 10 টোপাল চিত্ৰনলা, 3 আঙুলিৰে পটাছ আৰু পৰজীৱীনাখক butox)
■ খোৱা-পানীৰ সুব্যৱস্থা থাকিব লাগে
■ যাত্ৰাৰ আগমুহূৰ্তত কেতিয়াও দানা নোখোৱাব আৰু গৈ পাই ও দানা নিদিব। পেট চলাৰ ভয় থাকে
■ প্রশিক্ষিত ড্ৰাইভাৰ হোৱা উচিত
গাহৰি দানা সংৰক্ষণ-
এজন পালকৰ বাবে গাহৰিৰ দানা সংৰক্ষণতো এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়।
দানা বোৰৰ গুণগত মানদণ্ড অটুত থাকিবলৈ কিছুমান নিয়ম পালন কৰিবলগীয়া হয়।
নিয়মবোৰ-
■ ব্যৱসায়িকভিত্তিৰ দানা কেতিয়াও 1.5 মাহতকৈ পুৰণা ব্যৱহাৰ কৰিব নালাগে
■ দানা ৰখা কোঠালিটোৰ বতাহ চলাচল পদ্ধতি সুন্দৰ হ'ব লাগিব। দৰ্জা কেতিয়াও বন্ধ কৰি নাৰাখিব।
■সদায় তিৰপাল দি দানাবোৰ ঢাকি ৰাখিব আৰু মাজে সময়ে তিৰপাল খন উঠাই অলপ হাৱা মাৰি দিব
■ কাঠ ইত্যাদি পাৰি, মজিয়াৰ পৰা অলপ উঠাই ৰাখিব
■কোঠালীৰ সেমেকা বতাহ তো আঁতৰাবলৈ সদায় 200 watt ৰ বাল্ব এটা জ্বলাই ৰাখিব |
গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্বৰ্গাৰী ফাৰ্ম,
চাচনী, নাহৰকটীয়া, ডিব্ৰুগড়
Training office number- 88763 91810
Song: Fredji - Happy Life (Vlog No Copyright Music)তত
Music provided by Vlog No Copyright Music.
Video Link: • Fredji - Happy Life (V...
#swargarifarm
#Dibrugarh
#Sasoni
#chaodebu
#chaosvlog
#commercialpigfarming
#বিজ্ঞানসন্মতগাহৰিপালনপ্ৰশিক্ষণ
#Assamtourism
Негізгі бет বিজ্ঞানসন্মত গাহৰি পালনৰ প্ৰশিক্ষণ ( Theory Part-1)
Пікірлер: 71