তৰ্ক প্ৰতিযোগিতাসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু যুক্তিবাদী চেতনা শক্তিশালী কৰাৰ লগতে জ্ঞান অন্বেষণৰ বাবে উদগনি যোগাই আহিছে। ঐতিহ্যমণ্ডিত ডি এইচ এছ কে আইন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ পূৰ্বে আয়োজিত উত্তৰ-পূব তৰ্ক প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ তাৰ্কিক প্ৰতিভা প্ৰত্যক্ষ কৰি আপ্লুত হ'লোঁ। সদৌটিলৈ জনালোঁ মোৰ আন্তৰিক শুভকামনা।
এই সময়ছোৱাত আমাৰ সৈতে উপস্থিত থাকে মাননীয় বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ'-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ শ্ৰী বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰসেনজিৎ বৰকাকতি প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।
Негізгі бет DHSK Law College, Dibrugarh, Assam
Пікірлер