#panchasur
যোৱা ৮ জানুৱাৰী তাৰিখৰ পৰা ১২ জানুৱাৰীলৈ এজাক চেমনীয়াৰ লগত কাজিৰঙা আৰু মাজুলীত জীৱনৰ অন্যতম কিছু সুন্দৰ সাৰ্থক মুহুৰ্ত্ব কটোৱাৰ সৌভাগ্য । সৌভাগ্য বুলিলোঁ এই বাবেই যে সৰুৰেপৰা ঘৰৰ চোতালত দদাইদেউ হঁতৰ মুখত বা গাঁৱৰ জ্যেষ্ঠ সকলৰ মুখত শুনি শুনি শিকা অসমৰ ঠলুৱা মাত কথা বা সুৰ তান সমুহ বেংগালুৰৰ Head Start Educational Academy পৰা অহা ৫২ গৰাকী চেমনীয়া আৰু যুৱক যুৱতীৰ মাজত বিলাবলৈ যত্ন কৰিছোঁ । স্কুলখনৰ পৰা প্ৰতিবছৰে দেশৰ বিভিন্ন ৰাজ্যলৈ সাংস্কৃতিক ভ্ৰমণসূচীলৈ ছাত্ৰ ছাত্ৰীসকলক লৈ যায় । যি ৰাজ্যলৈকে যায় তাৰ লোক সংগীতৰ লগত পৰিচয় কৰাই দিয়া হয় ।আমাৰ ওচৰলৈয়ো তেনে কাৰণতে আহিছিল । পাঁচদিনীয়া ক্ষেত্ৰভিত্তিক কৰ্মশালা । বিহুক বিশেষ বিষয় হিচাপে লৈ অন্যান্য জনগোষ্ঠীয় নাচ আৰু মাজুলীক তেওলোকৰ ওচৰত চিনাকি কৰি দিয়াৰ মানসেৰে আমি সাজু হৈছিলোঁ পাঠদান কৰিবলৈ । ইমান কম দিনত এয়া অসম্ভৱ যেন লাগিলেও আমাৰ কৱলৈ ভাল লাগিছে যে বহুত সোনকালেই তেওলোকে বিহুৰ হাত চাপৰিৰ যি ছন্দ তাক আয়ত্ব কৰি লৱ পাৰিছিল । যোজনা বিহু নাম গাভৰুৰ বিহুখোলা আৰু ডেকা বিহুৱাৰ বিহু খোলাৰ গীত মাত সমূহ আয়ত্ব কৰি লৱ পাৰিছিল । আৰু বিশেষ ভাৱে ভাল লাগিল শেষৰ দিনা সন্ধিয়া বেলিকা তেওলোকৰ শিক্ষকে কলে -আপোনালোকে যিকোনো অসমীয়া ভাষাৰ চাৰি শাৰী বাক্য লিখি দিয়ক আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ সন্মূখত সুৰ তাল সংৰচনা কৰি পৰিবেশণ কৰিবলৈ চেষ্টা কৰিব । ক’ত কি ভুল হয় পোনাই দিৱ । কিছু সময় ভাৱি চাৰিশাৰী বাক্য কাজিৰঙা মাজুলী আৰু লুইতক লৈ লেখি উলিয়ালোঁ । ব্যস্ত হৈ পৰিল সকলোঁ । অসমীয়া কথা । আখৰকেইটা ইংৰাজী । নেহাই সুন্দৰকৈ অৰ্থ সমূহ ভাঙি পাতি বুজাই গল । এঘণ্টাৰ ভিতৰত গীতটো সুৰ কৰি সাজু কৰিলে ল’ৰাছোৱালী সকলে । সৃস্টিশীলতাৰ কছৰৎ । তেওলোকে লগত লৈ আনিছিল কী বৰ্ড গীতাৰ ভায়োলিন তৱলাকে ধৰি বহুত বাদ্যযন্ত্ৰ । এয়া গৈ তেওঁলোকে নিজৰ স্কুলৰ সকলোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ আগত পৰিবেশণ কৰিবগৈ । থকা খোৱাৰ সু বন্দোবস্তৰে কি এক সুশৃংখল ভ্ৰমণযাত্ৰাৰ দল । আমাৰ ল’ৰাছোৱালী হতকো যদি এনে সুবিধা দিব পৰা গ’ল হেতেন !!
আমাক সহায় কৰা পঞ্চসুৰৰ দেৱেশ্বৰ শইকীয়া ,বিপ্লৱ কোৱঁৰ ,অভিজিৎ চাংমাই ,কণিকা ইংতি ,জেচমিন চেতিয়া ফুকন ,দীপান্দিতা তালুকদাৰ আৰু জীয়ৰি নেহাই যথেষ্ট কষ্ট কৰিলে পাঠদান সুচাৰুভাৱে চলাই নিয়াত ।
এই ভিডিঅটো পাঠদানৰ সামৰণী অনুস্হান 🙏🙏
Негізгі бет গীতে মাতে / PANCHASUR/ PPROBIN KUMAR SAIKIA/ROSHMI REKHA SAIKIA
No video
Пікірлер: 1