Welcome again, in this video, we will learn about Vowel, Consonant, Semivowel and at last, we will ask you a question so that you can test yourself by answering that question.
🔥🔥Gyan Panda app download link:🔥🔥
play.google.co...
🔥🔥Instagram link:🔥🔥
/ gyan.panda
🔥🔥Facebook Page Link:🔥🔥
/ gyanpandaofficial
Call: 6002306660/6000474592
নমস্কাৰ, Gyan Panda ৰ দ্বিতীয়টো ভিডিঅ'ত আমি শিকিম - Vowel, Consonant, Semivowel আৰু শেষত আমি এটা প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম।
★★কিয় জ্ঞান পাণ্ডা (Gyan Panda)★★
----------------------------------------------------------
ল'ৰাজনে চকুপানী টুকি মোক ক'লে -" দেউতা ঢুকুৱাৰ পিছত মায়েনো আৰু ক'ৰপৰা পইচা পাতি পাব।দেউতা থকা হ'লে যেনেতেনে কিবা এটা কৰিলেহেতেন যদিও ভাগ্যই সেইয়া মোক নিদিলে|"
ল'ৰাজনে হায়াৰ চেকেণ্ডৰীত প্ৰথম বিভাগ পাইছে । আটাইকেইটা বিষয়তে ভাল নম্বৰ পাইছে, কেৱল ইংৰাজীত যেনে তেনে পাছ কৰিছে।
সি মোলৈ চাই ক'লে : "দাদা, পঢ়া আৰু কি হ'ব নাজানো। শুনিছো বি এ ত মেজৰ ল'লে পেপাৰবোৰ ইংৰাজীত আহে।ইংৰাজীটো পৰা হ'লে বহুত আগবাঢ়িব পাৰিলোঁহেতেন। কিন্তু কি কৰিম কওক।স্কুলত কিনো ইংৰাজী পঢ়াই বুজি নাপাওঁ।গাৱঁতটো আপুনি জানেই ! ক'তো ইংৰাজীৰ টিউচন লবলৈ শিক্ষক নাই।টাওনত(৭ কি.মি দূৰৰ এখন টাওন)গৈ টিউচন ল'বলৈ পইচাই নাছিল।দেউতা থকা হ'লে ক'ৰবাৰ পৰা যেনেতেনে মেনেজ কৰিলেহেতেন যদিও মায়েনো কেনেকৈ কৰিব তেতিয়া।দেউতা ঢুকুৱাৰ পিছত মাও বহুত ভাগি পৰিল"
কথাবোৰ শুনি তেতিয়া বহুত বেয়া লাগিল।
গাওঁ অঞ্চলৰ হাজাৰ হাজাৰ ল'ৰা-ছোৱালীৰ পঢ়াৰ জীৱনটো শেষ হৈ যায় কেৱল ইংৰাজী নোৱাৰাৰ বাবে।ইংৰাজী বুলিলে এটা প্ৰকাণ্ড ভয়।কিন্তু ইয়াৰ মূলতে কি? ল'ৰা বা ছোৱালীজনীৰ গাত দোষ নিকি? উত্তৰটো হ'ল নহয়।কাৰণ সৰুৰে পৰা আমাক কোনেও নিশিকায় যে কেনেকৈ ইংৰাজীটো শিকিব লাগে।সৰহসংখ্যক স্কুলতে ইংৰাজীৰ Text book খনকহে গুৰুত্ব দিয়ে।গ্ৰামাৰ বোলা ব্স্তু এটা যে আছে তাক গুৰুত্ব দিয়া নহয়।Student ক Text book ৰ উত্তৰ মুখস্হ কৰায়।কিন্তু কি হ'ব, যদি বাক্যটো গঠনেই কৰিব নাজানে, গ্ৰামাৰেই যদি নাজানে, কেনেকৈ গঠন কৰিব বাক্যটো।সৰুতেই গ্ৰামাৰটোক অৱহেলা কৰি কৰি এনেকুৱা হয়গৈ শেষত 9 - 10 ত পঢ়ি থকা ল'ৰা এটাই noun , pronoun কি নাজানে আৰু তাক Tense, Voice পঢ়ায় থকা হয় |
এটা ল'ৰা বা ছোৱালীয়ে যদি ক, খ কেইটাই নাজানে, তাক বাক্য লিখায় মুখস্হ কৰালে সি পাৰিব জানো? সেই একেই কথা আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰটো। Verb কি নাজানে, Transitive, intransitive verb নাজানে আৰু তাক যদি Voice change কৰিবলৈ শিকোৱা হয়, তেতিয়া তাক ভাটো চৰাইক কথা ক'বলৈ শিকোৱাৰ দৰে হয়।আৰু ক্লাছ ৯ বা ১০ ত পঢ়ি থকা ল'ৰা এটাক বা ছোৱালী এজনীক তেতিয়া শিক্ষকে সেইবিলাক শিকাবলৈও সময় নাথাকে, কাৰণ সেইবিলাক বস্তু ৬-৭ৰ আগতেই শিকিব লাগে,কিন্তু আমাৰ ল'ৰা ছোৱালীক ৯-১০ পোৱাৰ আগতে একো গুৰুত্বই দিয়া নহয় বহুত ক্ষেত্ৰত।ফলত মেধা সম্পন্ন ছাত্ৰ - ছাত্ৰীও শেষত হতাশাত ভুগে।
কিন্তু ইয়াৰ কিবা উপায় নাই জানো।কিবা নতুন উপাই ভাৱিব নোৱাৰি নিকি?মাজে মাজে কথাটো মনলৈ আহে।খুড়াৰ ঘৰৰ লৰাটো, মাহী ঘৰৰ ল'ৰা দুটা সকলোৰে এইটোৱেই প্ৰৱলেম-"ইংৰাজী নোৱাৰে । টিউচনৰ বাবে শিক্ষক নাই, ৬-৭ ৰ ল'ৰাক নপঢ়াই বহুতে, পইচা কম পায় আৰু মই গৈ পঢ়ুৱাই দিবলৈও সম্ভৱ নহয়।কাৰণ মই থাকোঁ কৰ্মসূত্ৰে গুৱাহাটীত আৰু সিহঁতি যোৰহাটত।
শেষত মনত এটা বুদ্ধি আহিল - ভিডিঅ' । যদি মই ভিডিঅ' বনাই সিহঁতলৈ পঠাই দিওঁ, সিহঁতে চাব পাৰিব আৰু শেষত মনতে ভাৱিলো কিয়নো ভিডিঅ' যেতিয়া বনামেই, কিয় মই ইউটিউৱত দি নাযাওঁ? কাৰণ তেতিয়া কেৱল মোৰ খুড়া বা মাহী ঘৰৰ ল'ৰা কেইটাই নহয়, অসমৰ হাজাৰ হাজাৰ ল'ৰা-ছোৱালীৰ সহায় হব।এই উদ্দেশ্যেই জন্ম হ'ল জ্ঞান পাণ্ডা (Gyan Panda)- এক নতুন প্ৰচেষ্টাৰ নতুন চেনেল আৰু চেনেলটো খোলাৰ ২ সপ্তাহৰ ভিতৰতেই ৭০০ কৈও অধিক Subscribe ৰে ভৰি পৰিল চেনেলটো।
আপোনাৰো যদি এনে কোনোবা আত্নীয় কুটুম আছে তেওঁলোককো ভিডিঅ'বোৰ চাবলৈ দিয়ক, আমাৰ ল'ৰা-ছোৱালীৱে ইংৰাজী পাৰিবই, মাত্ৰ সিহঁতক পথটো দেখুৱাব জানিলেই হ'ল।
ভিডিঅ'বোৰ ১০ - ১৫ মিনিটৰ কাৰণ ৪ বা ৫ মিনিটৰ ভিডিঅ' এটাত একো বুজাব নোৱাৰি । মোৰ বিশ্বাস সকলোৱে বুজি পাব।
আৰু যদি আপুনি জ্ঞান পাণ্ডাৰ প্ৰচেষ্টাক ভাল বুলি ভাৱে, তেন্তে আপুনি শ্বেয়াৰ কৰক যাতে আন দহজনৰ সহায় হয়।আপুনি শ্বেয়াৰ কৰিলে আপোনাৰ একো লোকচান নহয় বৰঞ্চ আন বহুজনৰ উপকাৰ হ'ব।
ভিডিঅ' নোচোৱাকৈ কোনেও নেতিবাচক কমেন্ট নকৰে যেন।
প্ৰথম ভিডিঅ'টোত গোটেই কথাখিনি বুজোৱা আছে কেনেকৈ ভিডিঅ'বোৰ চাব লাগিব, সেই ভিডিঅ'টো এবাৰ চাই লব।
লিংকটো ইয়াতে দি দিছো :
• ইংৰাজী শিকোঁ আহক | খণ্...
Негізгі бет ইংৰাজী শিকোঁ আহক | খণ্ড 2 | Vowel, Consonant, Semivowel Etc. | Part 2
Пікірлер: 265