🙏Well Come to my Channel JCR duck farm 🙏
দৰ্শক চুন, পটাছিয়াম আৰু নিমখ পুখুৰীত প্ৰয়োগ কৰাৰ মূল কাৰণ হৈছে মাছবোৰক ভাইৰাছৰ পৰা ৰক্ষা কৰা।
নিয়ম:-
১) পুখুৰীৰ আয়তন চাই চুন, পটাছিয়াম আৰু নিমখ প্ৰয়োগ কৰা।
২) বতৰৰ অৱস্থা চাই এইবোৰ প্ৰয়োগ কৰা। সেই ক্ষেত্রত আপোনালোকে ৰ'দ ওলালে অথাৎ ১১-১২ বজাত প্ৰয়োগ কৰিব।
৩) এ মাহত দুই বাৰকৈ প্ৰয়োগ কৰা।
উপকাৰিতা:-
১) পানীৰ অম্লতা দূৰ কৰে।
২) ছত্রাজনিত ৰোগৰ পৰা ৰক্ষা কৰে।
৩) খাদ্য হজম হোৱাত সহায় কৰে।
৪) পানী পৰিস্কাৰ কৰে।
৫) মাছৰ শৰীৰৰ গঠন সূস্থ্য, সবল আৰু সতেজ কৰে লগতে মাছ বৃদ্ধি হোৱাত সহায় কৰে।
৬) পানীত অক্সিজেন বৃদ্ধি কৰে। আদি.............
প্ৰয়োগ :-
প্ৰথমত চুনখিনি কমেও ১০ ঘন্টা পানীত ভিজাই ৰাখিব। অৱশ্যই আপোনালোকে পৰিমাণ আৰু পুখুৰীৰ আয়তন অনুসৰি অথবা প্ৰতি বিঘাত দুই কেজিকৈ প্ৰয়োগ কৰিব পাৰে। চুনৰ লগতে নিমখখিনিও ভিজাই লব পাৰে, প্ৰতি বিঘাৰ কাৰণে ৩-৫ কেজি। আৰু এতিয়া পটাছিয়ামখিনি চুন প্ৰয়োগৰ আগ মুহূতত মিহলাই লব, প্ৰতি বিঘাৰ কাৰণে ১০০ গ্ৰাম হিচাপে। আপোনালোকে বহুতে ভাবিব পাৰে যে, আমাৰ পুখুৰীত কোনো ভাইৰাছ নাই, আমি কিয় এইবোৰ প্ৰয়োগ কৰিম। মই সেই সকল ব্যক্তিক জনাম যে, অকল ভাইৰাছ আহিলে প্ৰয়োগ কৰিম এনে নহয় আমি প্ৰতি মাহত দুই বাৰকৈ চুন,নিমখ আৰু পটাছিয়াম প্ৰয়োগ কৰিম কিয়নো এইবোৰে ভাইৰাছৰ লগতে বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে, সেয়েহে আমি আমাৰ পুখুৰীত এইবোৰ প্ৰয়োগ কৰিব লাগে।
এতিয়াই হয়তো কোনোবাই ভাবি আছে যে, আমাৰ পুখুৰীত কোনো ধৰণৰ সমস্যা নাই সেয়ে আমি চুন.. কিয় প্ৰয়োগ কৰিম আমি সেই সকল ব্যক্তিক কম যে এইবোৰ প্ৰয়োগ কৰিলে আপোনালোকৰ পুখুৰীৰ প্ৰৱণতা বৃদ্ধি পাইছে, পানীত অক্সিজেনৰ মাত্রা বৃদ্ধি কৰি দিছে, এনেকৈ মূলত: পুখুৰীৰ মাছবোৰ পু্ৰ্বতকৈ দিগুন ভাবে বৃদ্ধি পাই আছে।
দৰ্শক আপোনালোকেও এনেকুৱা কিছুমান পদ্ধতি অবলম্বন কৰিব সফলতা অর্জন কৰিব পাৰে। অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে।
Viewers I'm requested to you that you see this video and think positively. Friend's If you like this video then please like Share And Subscribe my Channel.
#JCRduckFarm#
Your faithfully,
Name:-Chan Ali
Vill:- Charua bakhra
P.O:- Chirakuta
P.S:-Chapar
Dist:-Dhubri (Assam)
Pin:-783348
Mobile:-6002692644
******Thank you******
Негізгі бет #JCRduckFarm
No video
Пікірлер: 7