#UmakantaNeog #BridgeWINGS #ThengalKacharis
দুৰ্গা পূজাৰ অষ্টমীৰ দিনাখনেই তেখেতৰ লগত কিছু কথা পতাৰ পৰিকল্পনা আছিল।সেইদিনা আমাৰ লগত থকা গোলাঘাটৰ যোগানন্দক কৈছিলোঁ, তুমিয়েই কথাবোৰ সুধিবা,অনুষ্ঠানটোৰ আঁত ধৰিবা।যোগায়ো সন্মতি দিছিল।কিন্তু তেখেতৰ ব্যস্ততাৰ বাবে কথাবোৰ ভবামতে হৈ নুঠিলগৈ।
পিছত হেমাঙ্গদাই সময় লৈ ২৩ অক্টোবৰ,২০২১ৰ দিনটো ঠিক কৰিলে।দুয়ো নিজৰ নিজৰ কৰ্মক্ষেত্ৰৰ পৰা প্ৰায় ২.৩০ মানত তেখেতৰ ঘৰত উপস্থিত হ'লো।তাৰ পিছত আমাৰ মাজত বহু কথা আৰু বহু অনুভৱ।
আচলতে সেইখিনি সময়ত সংগঠন এটা কৰাৰ কামটো তেখেতলোকৰ বাবে অকণো সহজ নাছিল।কিন্তু সমগ্র ঠেঙ্গালক একগোট কৰাৰ মানসিকতা আৰু জাতি হিচাপে প্রায় নিষ্ক্ৰিয় হৈ থকা এটা জাতিক সক্ৰিয় কৰাৰ মনোভাৱেই এটা সময়ত তেখেতলোকৰ মনোবল হৈ উঠিল।বলিষ্ঠ মনোবলৰ সৈতে ঠেঙ্গালসকল থকা প্ৰতিখন জিলালৈ গ'ল।মানুহবোৰক লগ কৰিলে।কোনোবাই যদি আদৰিলে,কোনোবাই সেই সময়ত গৰিহণা দিলে,কোনোবাই সংগঠন খোলাৰ নামত টকা খোৱাৰ পাং পতাৰ কথাও শুনালে।তথাপি তেখেতলোকৰ যি উদ্যম,সেই উদ্যম নেৰিলে।এটা সময়ত তেখেতলোকৰ বিশ্বাসক সকলোৱে আদৰিলে,তেখেতলোকৰ বিশ্বাসক এদিন সকলোৱে নিজৰ বিশ্বাস হিচাপে ল'লে।
বহু দুখ কষ্ট অতিক্ৰমি সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন গঢ় দিয়াৰ ক্ষেত্ৰত যি সকল ব্যক্তিৰ অৱদান আছে তাৰ ভিতৰত শ্ৰদ্ধাৰ উমাকান্ত নেওগদেৱো অন্যতম।বহু সময়ত নিজৰ গাঁঠিৰ ধন খৰছ কৰি অসমৰ অৰঙে দৰঙে ঘূৰি সকলোকে একত্ৰিত কৰা সংগঠনৰ প্ৰতিস্থাপক সভাপতি তেখেত।
১৯৪৮ চনত লখিমপুৰ জিলাৰ ঢলঢলীয়া গাঁৱত জন্ম গ্ৰহণ কৰা নেওগদেৱৰ দেউতাক আছিল স্বৰ্গীয় ধীতৰাম নেওগ,মাতৃ আছিল সৰবৰী নেওগ।বংশ হৈছে মাণিকীয়াল।মূল হিচাপে যোৰহাটৰ বজালবাৰীৰ পৰা তেখেতৰ আদিপুৰুষ লখিমপুৰলৈ উঠি অহা।শিক্ষকতাক বৃত্তি হিচাপে লৈ প্ৰধান শিক্ষক হিচাপে নেওগদেৱে পকাদ'ল গন্ধীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
কথাবোৰ হেমাঙ্গদা আৰু নেওগদেৱে আগবঢ়াই লৈ গৈ আছিল,মই মাথোঁ শুনি আছিলোঁ আৰু অনুভৱ কৰিছিলোঁ জাতিক ভালপোৱা সঁচা আন্তৰিকতাবোৰ।তেখেতে শিক্ষাৰ কথা ক'লে।সংস্কৃতৰ শ্লোকেৰে শিক্ষাৰ প্ৰয়োজনীয়তা উল্লেখ কৰি ভৱিষ্যতে ঠেঙ্গালৰ মাজত সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ #প্ৰশাসনিক #সেৱাৰ লগত জড়িত ব্যক্তি দেখা পোৱাৰ সপোনৰ লগতে প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিলে।পৰম্পৰাবোৰত ব্যৱহাৰ কৰাৰ বাহিৰে মদ জাতীয় পানীয় পৰাপক্ষত এৰি এখন সুস্থ সবল সমাজ গঢ়াৰ কথা ক'লে।তেখেতৰ মনত পৰাৰ ভিতৰত সংগঠন জন্মৰ লগত জড়িত প্ৰতিখন জিলাৰ নমস্য ব্যক্তিসকলৰ কথা ক'লে।তেখেতলোকৰ অৱদান স্মৰণ কৰিলে।নতুনকৈ গঠন হোৱা সাহিত্য সভাক শুভ বাণী দিলে।এনেকৈয়ে সংস্কৃতি, পৰম্পৰাকে আদি কৰি বহু কথাৰ মাজেৰে আমি তেখেতৰ লগত কথাবোৰ এদিনৰ বাবে সামৰিলোঁ।তেখেতে মাতিছে পুনৰ।নেওগদেৱ, আপোনাৰ জাতিটোৰ প্ৰতি যি অৱদান,সেইখিনি আমি নাপাহৰো।আপোনাক লৈ আমি গৰ্ব কৰোঁ।ভগৱানে আপোনাক ভালে ৰাখক সদায়।এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
0.00-আৰম্ভণি
0.50-সংগঠন জন্মৰ লগত জড়িত কথা
4.52-বিহপুৰীয়াত সংগঠন কেনেকৈ হৈছিল
my new channel link:
/ @padmahazarika1
Негізгі бет আজিৰ কথোপকথনত:ঠেঙ্গাল কছাৰী সংগঠনৰ প্ৰতিস্থাপক সভাপতি শ্ৰদ্ধাৰ উমাকান্ত নেওগদেৱ
Пікірлер: 9