DIKI SONOWAL PRESENTS
কেঁচা সপোন
কণ্ঠ: ডিকী সোনোৱাল
কথা-সুৰ: ডিকী সোনোৱাল
সংগীত ব্যৱস্থাপনা: বিক্ৰম চাউৰক
ষ্টুডিঅ: চাউৰক মিউজিক
বাঁহী: বিতোপন কোঁৱৰ
গীটাৰ: বিৰেন তাঁতী
শব্দ সংমিশ্ৰণ: বিক্ৰম চাউৰক
লিৰিকেল ভিডিঅ' প্ৰস্তুত: ৰাগময় ৰাজকোঁৱৰ
বিশেষ কৃতজ্ঞতা: বিপুল সোনোৱাল,অনুপল অনুৰাগ,মমী সোনোৱাল(মা)
LYRICS
ভৰ যৌৱনতে অ' সোনচেং মননো খেলিমেলি
তোকে সোণ নাপালে অ' সোণচেং দিচাং নদীত পৰি দিম
বুকুৱে বুকুৱে মৰমনো বাঢ়ে
চকুৱে চকুৱে যদি হয় কথা সঘনে
মৰমৰে নৈ যাব খোজে বৈ
তোকে ধিয়াই বুকুত লৈ
বহুদূৰলৈ
কেঁচা সপোন ঐ তই মোৰে আপোন ঐ
ন’কবি দেই কথাবোৰ আনে জনাকৈ
চেনেহত দি থাকিলে অ’ সোণচেং
নাহাৰো মই জাননে আনৰে ঐ দীঘল বাট
তিতিকি তিতা মাত অ’ সোণচেং
তোৰ সতে এখন ঘৰ সাজিনো খাম সুখৰ ভাত
হিয়াখন কুঙা কৰি কলৈ যাবি এ চেনাইটি
কলৈ যাবি এ চেনাইটি
তোৰনো পিছে পিছে যাম
অ’ মৰম তইচোন নুবুজই একো
অ’ মৰম তোৰ বিনে কেনেকৈ থাকো
মৰমৰে নৈ যাব খোজে বৈ
তোকে ধিয়াই বুকুত লৈ
বহুদূৰলৈ
কেঁচা সপোন ঐ তই মোৰে আপোন ঐ ন’কবি দেই
মৰমৰে ভোকত মৰোঁ
চেনেহৰে আশাত মৰোঁ
তোৰ বুকুত কুচিমুচি
আজীৱন শুৱ খোজো
অ’ মৰম তোক লৈ দেখিছোঁ সপোন
অ’ মৰম তইয়ে মোৰ বুকুৰে আপোন
মৰমৰে নৈ যাব খোজে বৈ
তোকে ধিয়াই বুকুত লৈ বহুদূৰলৈ
কেঁচা সপোন ঐ তই মোৰে আপোন ঐ
নকবি দেই কথাবোৰ আনে জনাকৈ
Негізгі бет Kesha Hopun||Diki Sonowal||New Assamese Song 2023
Пікірлер: 170