Assamese film song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song :
কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ
বহু ধনৰ মোহত পৰি মূলো হেৰুৱালোঁ ।
যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলোঁ
অতি লোভত পৰি আজি পাপত বন্দী হলোঁ ।
মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ
আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলোঁ ।
যি বোকাৰে পদুমতে কলঙ্ক সানিলোঁ
ধুই পখালি সাবটিবি, তোকেই সঁপি দিলোঁ ।
আনে সঁপি দিয়াজন যেন, পদুমৰে কলি,
কলঙ্কিতা নাৰী হʼলেও, লʼলো ভনী বুলি ।
বোকাৰ পৰা পদুমকে মূৰত লʼলো তুলি
পণ কৰিলো উৰে জীৱন ৰক্ষা কৰিম বুলি ।
ভোগৰ সমল নহৱ তই কামুক সৱৰ বলি
নিৰ্ভয়ে মই আগচিম জীৱন গʼলেও জ্বলি ।
কথা, সুৰ-সঙ্গীত আৰু কণ্ঠ : ভূপেন হাজৰিকা
Негізгі бет Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.
Пікірлер: 45