#কাঠফুলা_আৰু_গ্ৰাম্য_অৰ্থনীতি
ভক্ষণযোগ্য প্ৰজাতিৰ কাঠফুলা অথবা মাশ্বৰূম এবিধ অতি পুষ্টিকৰ খাদ্য । ই এবিধ মঙহাল ভেঁকুৰ । সাম্প্ৰতিক সময়ত বিশ্বত বিকল্প খাদ্য উৎস হিচাপে কাঠফুলা এবিধ অতি উপাদেয় খাদ্য । কিয়নো ইয়াত পুষ্টিকৰ গুণ বহু পৰিমাণে অন্তনিৰ্হিত হৈ থাকে ।
প্ৰাচীন কালৰেপৰা বিভিন্ন সাধুকথাত কাঠফুলাৰ উল্লেখ পোৱা যায় । কাঠফুল প্ৰথম প্ৰত্যক্ষ কৰিছিল ফৰাছী খেতিয়ক এজনে ১৬৫০ চনত তৰমুজ খেতিৰ অৱশিষ্ট পচি যোৱা অংশত । ৰোমানসকলে কাঠফুলাক ভগৱানৰ খাদ্য বুলি বিশ্বাস কৰিছিল । আমেৰিকাত প্ৰথম কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল ১৮৬৫ চনত । কাঠফুলাৰ খেতি ভাৰতৰ হিমাচল প্ৰদেশৰ ছোলানত ১৯৫০ চনত শ্ৰী এছ এছ জৈনে আৰম্ভ কৰিছিল ।
গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰি তুলিব পৰা এক খেতি হ’ল কাঠফুলা । চহৰৰ লগতে গ্ৰামাঞ্চলৰ যুৱক-যুৱতী তথা পুৰুষ-মহিলা সকলে অতি কম মূলধনেৰে সাধাৰণ খেৰ-বাঁহৰ চালি এখনৰ তলত মাত্ৰ কেইপেকেট মান স্প’ন (অঙ্কুৰিত বীজ) কিনি আনি পেলনীয়া জাবৰ-জোথৰ বিশেষকৈ ধানখেৰ আৰু নৰাৰ পৰাই অতি উচ্চমানৰ পুষ্টিগুণ সম্পন্ন কাঠফুলা উৎপাদন কৰি ঘৰুৱা ব্যৱহাৰৰ উপৰিও বজাৰতো কাঠফুলা বিক্ৰী কৰি স্বনিৰ্ভৰশীল হ’ব পাৰে । অসমত লাভাজনকভাৱে কৰিব পৰা কাঠফুলাৰ ভিতৰত সাগৰীয় সামুকীয়া কাঠফুলা অৰ্থাৎ অয়েষ্টাৰ মাশ্বৰূম উল্লেখযোগ্য ।
#কাঠফুলাৰ_উপকাৰীতাঃ
👉 কাঠফুলাই শৰীৰত প্ৰটিনৰ মাত্ৰা বৃদ্ধি কৰে, যি শৰীৰৰ কোষবিলাক পুনৰ গঠনত সহায় কৰে ।
👉 কাঠফুলাত হাই-নিউট্ৰিচনচ পোৱা যায়, যি হৃদয়ৰ স্বাস্থ্যৰ বাবে উত্তম ।
👉 কাঠফুলাত মজুত থকা এনজাইম তথা আঁহে শৰীৰৰ বৰ্ধিত কলেষ্টৰলৰ মাত্ৰা হ্ৰাস কৰে ।
👉 ডাইবেটিচ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে কাঠফুলা এবিধ উত্তম আহাৰ । ই শৰীৰত বৰ্ধিত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰি ইনচুলিনৰ পৰিমাণ বঢ়াই তোলে ।
👉 কাঠফুলাত লীন প্ৰ'টিন পোৱা যায়, যি শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে ।
👉 সজীৱ কাঠফুলাত পৰ্যাপ্ত পৰিমাণৰ আঁহ তথা কাৰ্বহাইড্ৰেট পোৱা যায় যি কোষ্ঠকাঠিন্যতা, অজীৰ্ণ আদি পেটৰ বিভিন্ন ৰোগ সমূহ নাশ কৰে ।
👉 কাঠফুলা খালে শৰীৰত হিমগ্লবিনৰ স্তৰ সঠিক হৈ থাকে । কাঠফুলাত পৰ্যাপ্ত পৰিমাণৰ বহুমূলীয়া ফলিক এচিড থকাৰ বাবে ই ৰক্তহীনতা ৰোগত ভোক্তভোগী সকলৰ বাবে এবিধ স্বাস্থ্যবৰ্ধক আহাৰ হিচাপে পৰিগণিত হৈছে ।
👉 কাঠফুলাই উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে মহৌষধৰ কাম কৰে ।
👉 কাঠফুলাত থকা পৰ্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰাণৰ উপস্থিতিয়ে স্নায়ৱিক দুৰ্বলতা নোহোৱা কৰাৰ উপৰি মানুহৰ ছালৰ ৰক্ষণাবেক্ষণ কৰে ।
👉 খনিজ মৌলৰ ভিতৰত কাঠফুলাত অধিক পৰিমাণৰ পটাছিয়াম, ছডিয়াম আৰু ফচফৰাছ পোৱা যায় বাবে স্মৃতিশক্তি আৰু অন্য শাৰীৰিক শক্তি বৃদ্ধি কৰে ।
#mushroomcultivation
#mushroom
#mojinmoran
#milkymushroom
Негізгі бет milky mushroom বাবে কি দৰে "কম্পচ" তৈয়াৰ কৰা হয় চাওঁ আহক ।
Пікірлер: 1