Original Credits
Dr. Bhupen Hazarika.
#assamesevirelvideo
মোৰ মন বাঘ যদি আজি চৰাই হয়
আৰু ক'ৰবাৰ চিলনীয়ে খেদি খেদি কয়
তোৰ সাহৰ দেখোঁ কোনো চিন চাব নাই
মই ক'ম কি ?
মই ক'ম কি ?
মোৰ মাটিডৰা যদি আজি ছন পৰি যায়
আৰু আইয়ে যদি কান্দি কান্দি মোক আহি কয়
সেউজ ৰং মোক বাৰু কিয় নিদিলি
মই ক'ম কি ?
মই ক'ম কি ?
মোৰ বুকুখন যদি আজি পাল হৈ যায়
ধুমুহাই যদি তাকে সঘনে কোবায়
মোৰ বুকুখন যদি আজি পাল হৈ যায়
ধুমুহাই যদি তাকে সঘনে কোবায়
মই জানো মুখখন হাতেৰে ঢাকি
চিঞৰিম আকাশ কঁপাই !
মোৰ দেশখন যদি আজি আই হৈ যায়
আৰু আইয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়
তই বাৰু মোৰ বাবে কৰিলিনো কি ?
মই ক'ম কি ?
মই ক'ম কি ?
মোৰ মন বাঘ যদি আজি চৰাই এটি হয়
আৰু ক'ৰবাৰ চিলনীয়ে খেদি খেদি কয়
তোৰ সাহৰ দেখোঁ কোনো চিন চাব নাই
মই ক'ম কি ?
মই ক'ম কি ?
গীতৰ কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা ।
Негізгі бет Mor Mon Bagh (মোৰ মন বাঘ) -// by Ador live// Dr.
Пікірлер: 8