নামঘৰৰ নজনা কথা|| Namghar - all about||
নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ
ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন
কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। নামঘৰ আছিল
শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা (বটদ্ৰৱা) ত নামঘৰ
প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে।
নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে-
1. নামঘৰ বা কীৰ্তন ঘৰ,
2. মণিকূট,
3. ছোঁ ঘৰ আৰু
4. বাটচ’ৰা।
Негізгі бет Ойын-сауық নামঘৰৰ নজনা কথা|| Namghar - all about||
Пікірлер: 3