আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels
তেওঁ এজন সাধাৰণ যুৱক ৷ যি পিতৃৰ মৃত্যুৰ পাছত নৈশ বাছৰ কাউন্টাৰত মাহিলী ৭০০ টকাৰ বেতনেৰে আৰম্ভ কৰিছিল কাম কৰিবলৈ ৷
কিন্তু এনেদৰে কাউন্টাৰত দীৰ্ঘদিন কাম কৰাৰ পাছত তেওঁৰ মন মগজুত খেলালে এক নতুন ধাৰনা ৷ নিজেই এখন বাছ কিনাৰ চিন্তাই তেওঁক কৰি তুলিলে উদগ্ৰীব ৷ আৰু মোমায়েকৰ পৰা ধন ধাৰলৈ আনি কিনি পেলালে এখন চেকেণ্ডহেণ্ড বাছ ৷
ইয়াৰ পাছতো ইটোৰ পাছত সিটো বাধা ৷ বহু প্ৰতাৰণা নেউচি তেওঁ আগুৱাই গ’ল পৰিবহন ব্যৱসায়ী হোৱাৰ দিশত ৷ আৰু এতিয়া তেওঁ প্ৰাণজিৎ ট্ৰেভেলচ নামৰ ১৪ খন বিলাসী নৈশ বাছেৰে ভৰা এটি পৰিবহন কোম্পানীৰ স্বত্তাধিকাৰী ৷
প্ৰাণজিৎ বৰা নামৰ এজন যুৱ ব্যৱসায়ী সংগ্ৰামৰ কাহিনী এয়া ৷ যোৰহাটত জন্ম গ্ৰহণ কৰা গুৱাহাটীৰ নিবাসী প্ৰাণজিৎ বৰাৰ সংগ্ৰামৰ কাহিনী জানো আহক তেওঁৰ মুখেৰেই ৷
uparjan.in
Негізгі бет আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels
Пікірлер: 329