শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে
শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে
উছৱৰ মধু আলোড়ন।
জাগে গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ
সুন্দৰ বন-উপবন।
ভেদাভেদ পৰিহৰি কত জাতি-উপজাতি
মহাপীঠ কৰে নিৰমান
উলাহ অধীৰছন্দে কোটি কোটি কন্ঠে
গায় সবে মিলনৰ গান।
সৰগৰ ৰহঘৰা ৰূপে-ৰসেৃ-ৰঙে ভৰা
উচ্ছল য’ত প্ৰাণ মন
সৃষ্টিৰ সুৰ বাসে প্ৰীতিৰ পতাকা উৰে
নতুনৰ লৈ আৱাহন।
Негізгі бет শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন। Sreemoye Axomi Song
Пікірлер