Assamese duet song of Jayanta Hazarika and Nirmala Mishra /Lyrics by Nirmalprabha Bordoloi /Melody by Jayanta Hazarika /Film : Dharmokai (1977)/ বোলছবি : ধৰ্মকাই (১৯৭৭) / Lyrics of the song :
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
মোৰ চকুলৈ চোৱা ।
মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
নিজক সুধি চোৱা ।
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান ?
আকাশতে যিমান তৰালি
হ’বনে সিমান ?
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান ?
আকাশতে যিমান তৰালি
হ’বনে সিমান ?
নকওঁ নকওঁ উহু নকওঁ
নিজক সুধি চোৱা ।
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা ?
এ নকওঁ নকওঁ উহু নকওঁ
মোৰ চকুলৈ চোৱা ।
ভালপোৱা শুনা অপৰূপ এক নৈ
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
ভালপোৱা শুনা অপৰূপ এক নৈ
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
আমাৰ হৃদয় একেখনি নৈ
সাগৰলে বৈয়ে যোৱা
আমাৰ হৃদয় একেখনি নৈ
সাগৰলে বৈয়ে যোৱা….. ||
Негізгі бет Sosake Kowa Kothati Kowa (সঁচাকে কোৱা কথাটি কোৱা) - by Jayanta Hazarika and Nirmala Mishra.
Пікірлер: 58