পুব যোৰহাটৰ লাহদৈগড় অঞ্চলৰ এগৰাকী কণমানি শিল্পী আৰাধ্য পাত্ৰ।পখিলা খেদা বয়সত আৰাধ্যা সংগীতৰ ৰঙীন পৃথিৱীখনত খোজ দিবলৈ ওলাই আহিছে।যি মুলা বাঢ়ে তাৰ দুপাততে চিন।আৰাধ্যাৰ ক্ষেত্ৰতো এই কথাষাৰৰ উমান পোৱা গৈছে। যোৰহাটৰ এগৰাকী বিশিষ্ট শিল্পী নন্দিতা বৰুৱাৰ তত্বাৱধানত সংগীতৰ শিক্ষা গ্ৰহণ কৰি থকা আৰাধ্যাই যোৰহাটত অনুষ্ঠিত বিভিন্ন সংগীত প্ৰতিযোগিতাত ভাগ লৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ গীতৰ ওপৰত প্ৰাগ নিউজে আয়োজন কৰা "গাণে কি আনে " প্ৰতিযোগিতাত প্ৰথম ৰাউণ্ডত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ আৰাধ্যাৰ যাত্ৰা সফল হওক। কণমানি শিল্পী গৰাকী ছেমফৰ্ড ফিউছাৰষ্টিক স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী।#Zubin garg #assamese song #virel song
Негізгі бет Subhra balakar:Aradhya pattra(Original: Zubin Garg)
Пікірлер