তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত ।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত ।।
তুমি মোৰ অন্তৰ্যামী তযু ভৃত্ত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ ।
দান্তে তৃণ তুলি লওঁ যিমতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ ।।
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ ।।
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক ।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
তযু নামে সদা ৰতি হৌক ।।
নাজানোহো আৱাহন নাজানোহো বিসৰ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত ।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত
মোৰ গতি সাধিবে উচিত ।।
#tumichittabrittimuro
#তুমিচিত্তবৃত্তিমোৰ
#অসমীয়াপ্ৰাৰ্থনা
#asameseprayer
#assameseprayersong
#dipikaphukannewsong
#dipikaphukansong
Негізгі бет tumi chitta britti muro/তুমি চিত্ত বৃত্তি মোৰ/অসমীয়া প্ৰাৰ্থনা/Prarthona/ Assamese prayer/Namghukha
Пікірлер: 48