• Oyster mushroom cultiv...
my contact number 9365256788
#mojinmoran
#mojinvlogs
• এখন ধামাকা দাৰ বিয়া😱
#mushroomachar
#mushroom
মিল্কী কাঠফুলা খেতি কৰাৰ বৈজ্ঞানিক পদ্ধতি:
A) ১ কেজি মিল্কী কাঠফুলাৰ গুটিৰ পৰা ১০টা ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
১) ২০ কেজি খেৰত দিবলগা মেডিচিনৰ পৰিমাণ
i)২ কেজি চূণ
ii)ব্লিছিং পাউদাৰ ৫০ গ্ৰাম
iii)Indofill M45 ৫ গ্ৰাম
iv)নিম পাউদাৰ ১০০ গ্ৰাম
২) ১২০ লিটাৰ পানীত ওপৰত দিয়া মেডিচিন সমূহ ভালদৰে মিহলাব ।
৩)শুকান খেৰখিনি ১-২ ইঞ্চি জোখত কাটি লব ।
৪)এতিয়া খেৰখিনি ঠাণ্ডা পানীৰে ধুই লব ।
৫)এতিয়া মেডিচিন মিহলোৱা পানীত ২৪ ঘণ্টা (24 hours) ৰ বাবে ড্ৰামত খেৰখিনি তিয়াই ৰাখিব ।
৬)তিয়াই ৰাখোঁতে দুটা কথা মন কৰিব :
i)ড্ৰামৰ ভিতৰত থকা খেৰখিনি যাতে সম্পূৰ্ণ পানীত ডুব যায় এইটো নিশ্চিত কৰিবৰ বাবে এটা চাফা গধুৰ বস্তুৰে খেৰখিনি হেঁচা দি ৰাখিব ।
ii)ভিতৰত বায়ু সোমাব নোৱাৰাকৈ ত্ৰিপাল বা সুবিধা জনক আৱৰণেৰে ভালদৰে বন্ধ কৰি দিব ।
৭)২৪ ঘণ্টা সম্পূৰ্ণ তিওৱাৰ পিছত এটা নেটজাতীয় বেগত ভৰাই পানী ওলাই যাবৰ বাবে প্ৰায় ২৫ মিনিট সময় ওলমাই ৰাখিব ।
৮)খেৰ শুকুৱাৰ পদ্ধতি :
i)এখন পাটী বা কপাহী কাপোৰ লব ।
ii)এতিয়া বেগত ভৰাই থোৱা খেৰখিনি ভালদৰে ৰদত মেলি দিব ।
iii)শুকুৱাওঁতে এটা কথা মন কৰিব যে আপোনাৰ খেৰৰ পানী ৮০% পৰ্যন্ত শুকুৱাব লাগিব ।
iv)৮০% পানী যে শুকাইছে এই কথা জানিবৰ বাবে আপুনি আপোনাৰ দুই হাতেৰে এমুঠি খেৰ লৈ কাপোৰ চেপাৰ দৰে ভালদৰে চেপক, যদিহে চেপোতে তলত পানী পৰিছে তেন্তে খেৰ আৰু শুকুৱাব লাগিব । যদিহে চেপোতে তলত পানী নপৰি হাতত নিয়ৰৰ দৰে পানী লাগিছে তেতিয়া জানিব আপোনাৰ খেৰ ৮০% শুকাইছে ।
৯)ছিলিণ্ডাৰ বনোৱাৰ আগত ৮০% শুকান খেৰত দিবলগা মেডিচিনৰ পৰিমাণসমূহ এনেধৰণৰ:
i)খেৰ ২০ কেজি
ii)চূণ পাউদাৰ ৩০০ গ্ৰাম
iii)ব্যেভিষ্টিন পাউদাৰ ২০ গ্ৰাম (20 gm)
iv)Plantomycin ৫ গ্ৰাম
১০)তিনিটা মেডিচিন প্ৰথমে এখন কাগজত ভালদৰে মিহলি কৰি লব ।
১১)এতিয়া ২০ কেজি খেৰত এই তিনিওতা মেডিচিনে ভালকৈ মিহলি কৰি লব ।
১২)ছিলিণ্ডাৰ বনোৱাৰ পদ্ধতি:
i)২০০ গ্ৰাম গুটিৰ পেকেটটো ফালি আপুনি এখন কাগজত ভালকৈ ভাঙি ৮ ভাগত ভগাই লওক । (প্ৰতি ভাগত ২৫ গ্ৰামকৈ)
ii)পলিবেগটো তলৰ ভাগত এডাল ৰবৰেৰে বান্ধি লওক ।
iii)এতিয়া পলিবেগটো ওলোটাই দিয়ক ।
iv)গুটিসমূহ এনেধৰেনেৰে দিব লাগিব:
👉প্ৰথমে পলিবেগৰ তলত 4 ইঞ্চি ডাঠেৰে খেৰ দিয়ক ।
👉দ্বিতীয়তে আগতে ভাগ কৰি ৰখা ২৫ গ্ৰাম গুটি ওপৰত চাৰিফালে ঘূৰাই দি দিয়ক ।
👉তৃতীয়তে আকৌ একে পৰিমাণৰ খেৰ দি গুটি দিব লাগিব । এনেকৈ ৪ টা স্তৰত গুটি আৰু ৫ টা স্তৰত খেৰ দি পলিবেগটো ওপৰৰফালে সম্পূৰ্ণ টাইট কৰি বান্ধি দিয়ক ।
👉বন্ধাৰ আগতে মন কৰিব:
পলিথিনৰ ভিতৰত থকা বায়ু ওলাবৰ বাবে ওপৰফালে বেজী বা পিন লৈ ৬-৭ টা ফুটা কৰিব ।
১৩)ছিলিণ্ডাৰ বনাই সম্পূৰ্ণ হোৱাৰ পিছত কেনেকৈ ৰাখিব?
i)৫০% আন্ধাৰ ঠাইত ১৫-১৮ দিন ৰাখিব ।
ii)ছিলিণ্ডাৰ ৰখা ঠাইটুকুৰা
a)যদিহে পকী হয়, তেতিয়া আপুনি এখন কাগজ পাৰি লৈ তাতে ৰাখিব পাৰিব ।
b)যদিহে মাটিৰ হয়, তেতিয়া ভালদৰে মচি লৈ এখন পাটী পাৰি তাৰ ওপৰত এখন কপাহী কাপোৰ লৈ তাতে ৰাখিব পাৰিব ।
১৪)Compost তৈয়াৰ কৰাৰ পদ্ধতি:
i)১০০ টা মিল্কী কাঠফুলা ছিলিণ্ডাৰ(১০ কেজি গুটি)ৰ বাবে লাগতিয়াল সামগ্ৰীৰ পৰিমাণ:
a)২০ কেজি কেঁচুসাৰ (Vermicompost)
b)বালি ১০ কেজি
c)দুবছৰ পুৰণি গোবৰ মাটি বা ককপিত (নাৰিকল বাকলিৰ গুৰি) ১০ কেজি
d)মুঠ ৪০ কেজি
ii)এতিয়া ওপৰৰ সামগ্ৰীখিনি ভালদৰে মিহলাই লওক ।
iii)আপুনি এতিয়ালৈকে তৈয়াৰ কৰা compost ত দিবলগা মেডিচিনসমূহ এনেধৰণৰ:
a)প্ৰতিকেজি হিচাপত ১০% কৈ চূণ পাউদাৰ লওক ।
(400 গ্ৰাম)
b)এতিয়া চূণ খিনি এখন ত্ৰিপাল কৈ ভালদৰে মাটি খিনিত মিহলাই লব ।
c)প্ৰতি কেজিৰ বিপৰীতে 4% কৈ ফাৰ্মালিন লব ।
(১৬০ mL)
d)এতিয়া এটা স্প্ৰে মেচিন বা জিন্জিৰীত ১০ লিটাৰ পানীত ফাৰ্মালিন ভালদৰে মিহলাই লওক ।
e)ফাৰ্মালিন ব্যৱহাৰ কৰোঁতে হাতত গ্লোভছ পিন্ধি লব ।
iv)এতিয়া এইদৰে সাজু কৰা মিশ্ৰণটো compost ত স্প্ৰে কৰক ।
v)এতিয়া compost খিনি ৭২ ঘণ্টাৰ বাবে এখন ত্ৰিপালত Air tight কৰি বান্ধি ৰাখক ।
vi)এতিয়া ৭২ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ৭২ ঘণ্টাৰ বাবে ত্ৰিপালখন খুলি ৰাখক ।
১৫)Compost বেগত দিয়াৰ পদ্ধতি :
i)আপোনাৰ ছিলিণ্ডাৰ সমূহ ১৫-১৮ দিন হোৱাৰ পিছত উপৰভাগ সম্পূৰ্ণ খুলি দিব ।
ii)যদিহে আপোনাৰ খেৰৰপৰা পলিথিনটো ২ ইঞ্চিতকৈ বেছি খালী হৈ আছে, তেন্তে উপৰভাগ ২ ইঞ্চিলৈকে কোঁচাই দিব ।
iii)এতিয়া প্ৰতিটো ছিলিণ্ডাৰৰ বিপৰীতে ২৫০ গ্ৰামকৈ আপুনি পূৰ্বে তৈয়াৰ কৰি ৰখা compost ১ ইঞ্চি ডাঠেৰে মেলি ওপৰ ভাগত মৃদু হেঁচা দিব ।
১৬)Compost দিয়াৰ পিছত ছিলিণ্ডাৰ ৰখাৰ পদ্ধতি:
i)মিল্কী কাঠফুলাৰ বাবে মাটিৰ পৰা দুফুট ওপৰত আপোনাৰ সুবিধা অনুযায়ী এখন বাঁহৰ চাং বনাই ৰাখিব পাৰিব ।
ii)পকী মজিয়া হলে তলতে ৰাখিব পাৰে ।
১৭)মিল্কী কাঠফুলাত পানী দিয়াৰ পদ্ধতি:
i)ছিলিণ্ডাৰৰ ওপৰত যিদিনা কাঠফুলা ওলাব, সেইদিনাৰ পৰাই প্ৰতিটো ছিলিণ্ডাৰত Compost খিনি তিতাকৈ স্প্ৰে মেচিন লৈ পানী স্প্ৰে কৰিব ।
ii)ছিঙিব হোৱালৈকে দুদিনৰ মূৰে মূৰে এনেদৰে পানী দিব ।
১৮)যেতিয়া আপোনাৰ বেগৰ পৰা কাঠফুলা সমূহ ৫-৬ ইঞ্চি ওখ হব, তেতিয়াই আপুনি ছিঙিব পাৰিব ।
১৯)এখন কটাৰীৰে গুৰিতে কাটি ছিঙিব পাৰিব বা আপুনি হাতেৰে পকাই ছিঙিব পাৰে ।
২০)এতিয়া ৰৈ যোৱা সৰু পোখাবিলাক ডাঙৰ হবৰ বাবে বা পুনৰ নতুন পোখা ওলাবৰ বাবে পুনৰ আপুনি তৈয়াৰ কৰি ৰখা Compost কম পৰিমাণে ওপৰত দি দিব ।
আমাৰ ঠিকনা-তিনিচুকীয়া
ডুমডুমা হাহচাৰা কালি মন্দিৰ ।
KZitem channel
mojin moran
অধিক জানিবৰ বাবে যোগাযোগ কৰক :
8011858287-9365256788
Негізгі бет আহি গল গৰম দিনত কৰিব পৰা কাঠফুলাৰ গুটি 😱🍄🍄(Milky Mushroom)
Пікірлер: 116