MKSM Teok
মুদৈজান কমলাবাৰী সঙ্গীত মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ শাস্ত্ৰীয় সঙ্গীতৰ এক অগ্ৰণী শিক্ষানুষ্ঠান। ২০০১ বৰ্ষতে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়ে ২০১৪ বৰ্ষত অসম চৰকাৰৰ শ্ৰেষ্ঠ সামূহিক কাৰ্য বঁটা লাভ কৰাৰ উপৰিও বৰ্তমানলৈকে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত জলপানী লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে। তদুপৰি সমাজ সাহিত্য সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক প্ৰতিবছৰে সত্ৰজ্যোতি সন্মান আৰু সংস্কৃতি সাধনা বঁটা প্ৰদান কৰি আহিছে।
Пікірлер